গ্ৰাম্য জীৱনৰ সৰস উপস্থাপন: পঞ্চায়ত

panchayat web series review

লকডাউনৰ এই সময়ছোৱাত ভালপোৱা কামবোৰ কৰাৰ লগতে চিনেমা চাবলৈও বহুত সময় পাইছোঁ। কেইদিনমানৰ আগতে চোৱা ৱেব চিৰিজ হ’ল টিভিএফ (TVF)ৰ ‘পঞ্চায়ত’ (Panchayat)।  এমাজন প্ৰাইম ভিডিঅ’ যোগে যোৱা ৩ এপ্ৰিলৰ পৰা প্ৰথম খণ্ড সম্প্ৰচাৰিত হোৱা ৱেব চিৰিজ খনৰ মুঠ খণ্ডৰ সংখ্যা ৮ টা। ‘পঞ্চায়ত’ৰ পৰিচালক দীপক মিশ্ৰ, সংগীত অসম সন্তান অনুৰাগ শইকীয়াৰ। অভিযান্ত্ৰিক ডিগ্ৰীধাৰী অভিশেষ ত্ৰিপাঠী নামৰ যুৱকজন কাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ। ভাল চাকৰি নাপাই উত্তৰপ্ৰদেশৰ এখন  অতি ভিতৰুৱা গাঁৱৰ পঞ্চায়তৰ সচিব হিচাপে চাকৰিত যোগদান কৰিবলৈ গৈ সন্মুখীন হোৱা বিভিন্ন ঘটনাৰ সৰস উপস্থাপন কৰা হৈছে ‘পঞ্চায়ত’ত। হাস্যৰসক প্ৰাধান্য দিলেও কাহিনীৰ মাজেৰে সঁচা কথাই কোৱা হৈছে, তুলি ধৰা হৈছে আমাৰ দেশৰ ভিতৰুৱা গাঁৱৰ এখন জীয়া ছবি, পঞ্চায়ত অফিচ এটাত নিতৌ ঘটি থকা বহু ঘটনা।

পঞ্চায়ত প্ৰধান মহিলা যদিও তেওঁৰ কাম সমূহ তদাৰক কৰে স্বামীয়ে, এক অৰ্থত কাগজে পত্ৰই ঘৈণীয়েকৰ নাম পঞ্চায়ত প্ৰধান হিচাপে থাকিলেও তেওঁ ৰন্ধন ঘৰ চম্ভালাটোহে প্ৰথম কাম এনে মানসিকতাৰে পৰিচয় দিয়া হৈছে। একেধৰণে দেখুওৱা হৈছে  মহিলা ৱাৰ্ড সদস্য সকলৰো স্বামীয়ে যোগদান কৰে মেল মিটিং আদিত। প্ৰথম যোগদানৰ দিনা কাৰ্যালয়ৰ চাবি হেৰোৱা, খেতিৰ মাটিত চাবি বিছাৰিবলৈ যোৱাৰ অভিজ্ঞতা বৰ সুন্দৰকৈ দৃশ্যায়ন কৰা হৈছে। ভূত আছে বুলি মিছাতে গাঁৱৰ মানুহে ভয় কৰা গছজোপা, যিটো এটা মাথোঁ এজনৰ পৰা আনজনলৈ বিয়পি পৰা উৰাবাতৰিহে আছিল সেই কাহিনীও বৰ ধুনীয়াকৈ দেখুওৱা হৈছে। গতিশীল কাহিনীয়ে কৈ গৈছে বহু কথা। জন্ম নিয়ন্ত্ৰণৰ শ্লোগানে গাঁৱৰ সহজ সৰল মানুহৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰা, পঞ্চায়তৰ অফিচত বিয়াৰ বৰযাত্ৰীক অভ্যৰ্থনা লৈকে, গাৱঁৰ নৱজাত কেঁচুৱাৰ নামকৰণৰ খেলিমেলিৰ পৰা পঞ্চায়ত প্ৰধানৰ জীয়েকৰ বিয়াত যৌতুকৰ নামত দৰদাম হোৱা টকাৰ পৰিমানলৈকে। এই সকলো কাহিনীৰ মাজত অভিশেষ নামৰ যুৱকজনৰ অৱস্থা নাইকিয়া হৈছে, ফোনৰ সিপাৰে বন্ধুৱে কৈছে অভিজ্ঞতা সঞ্চয় কৰ, পিছলৈ কামত আহিব এয়াই ৰিয়েল ইণ্ডিয়া!!

উচ্চপদস্থ বিষয়া হোৱাৰ সপোন দেখা যুৱকজনে কেনেদৰে এই পৰিৱেশৰ পৰা পৰিত্ৰাণ পাব তাৰে উপায় বিছাৰি শেষত ‘কেট’ (CAT)ৰ পৰীক্ষাৰ প্ৰস্ততি চলাবলৈ লয়। দিনত কাৰ্য্যালয়ৰ কামৰ ব্যস্ততা ৰাতি বিদ্যুতৰ লুকাভাকু তাৰ মাজতে পৰীক্ষাৰ প্ৰস্তুতি চলি থাকে। সহজ সৰল মানহবোৰে এই পৰীক্ষাত পাছ কৰিলে কিমান দৰমহাৰ চাকৰি পাব এই লৈ আলোচনা কৰিছে। এনে সময়তে  প্ৰধানজনৰ মন ঢাল খাইছে অভিশেষৰ প্ৰতি, জীয়েকক যৌতুক নিবিচৰা এইজন ল’ৰাৰ হাতত গটাব পাৰি নেকি বুলি। অফিচৰ ডেক্সটপ চুৰ হোৱা, পুলিচক গোচৰ দিয়া, শেষত চুৰে নিজেই টিভি ভাবি নিয়া বুলি কাগজত লিখি মনে মনে থৈ যোৱা আদি হাস্য-মধুৰ ঘটনাৰ পয়োভৰ ঘটিছে ৱেব ছিৰিজটোৰ প্ৰতিটো খণ্ডত। জিতেন্দ্ৰ কুমাৰ, ৰঘুবীৰ যাদৱ, নীনা গুপ্তাৰ দৰে শিল্পীৰ অভিনয়ে সমৃদ্ধ কৰা এই ছিৰিজ উপভোগ কৰোঁতে সকলো সঁচা চৰিত্ৰৰ দৰেই অনুভৱ হয়। এনেকুৱা লাগে প্ৰতিটো কাহিনী, চৰিত্ৰ সেই গাওঁ খনৰে। অফিচৰ সহায়ক হিচাপে দেখুওৱা ‘বিকাশ’ নামৰ চৰিত্ৰটোৱেও দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত টিম ‘পঞ্চায়ত’ পূৰামাত্ৰাই সফল বুলি ক’ব পাৰি। বৰ্তমান চলি থকা বহুকেইখন ৱেব ছিৰিজতকৈ সেইকাৰণে হয়তো ‘পঞ্চায়ত’ অনন্য।

(নিয়মীয়াবাৰ্তাত প্ৰকাশিত – ২৩ মে’ ২০২০)

Niyomiyabarta 23-5-20

( ভিলেজ ৰকষ্টাৰৰ বিষয়ে পঢ়িবলৈ ক্লিক কৰক)

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top