অকলশৰীয়া মুহূৰ্ত কিছুমানত প্ৰকৃতিৰ অনুপম সৌন্দৰ্য্য পান কৰি অনাবিল আনন্দ পোৱা যায়। এজাৰ ফুলাৰ বতৰ এয়া। শাৰী শাৰী এজাৰ গছে আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদতো শোভাবৰ্ধন কৰিছে । এক মনপৰশা দৃশ্য । প্ৰকৃতিৰ সৌন্দৰ্য্যৰ প্ৰসংগত মনত পৰিল পুৰণি কথা এটা । মই ধেমাজি মহাবিদ্যালয়ত হায়াৰ চেকেণ্ডাৰী পঢ়ি থকা সময়ৰ কথা। আমি থকা ঘৰ, ঠাই নতুন ।চুবুৰীয়া মানুহৰ লগতো সিমান চিনা জনা হোৱা নাই। জুন মাহৰ শেষৰ প্ৰচণ্ড গৰমত কোঠাৰ ভিতৰত থাকিব নোৱাৰি ঘৰৰ পাছফালৰ বাৰাণ্ডাত বহি আছিলোঁ । নতুনকৈ সজা আমাৰ ঘৰটোৰ সীমা পাৰ হৈয়ে সেয়া বিস্তৃৰ্ণ পথাৰ। ভূঁই ৰোৱাৰ সময়, পথাৰত অসংখ্য মানুহ। আমাৰ সীমাৰ জেওৰাৰ সিপাৰৰ মাটিত দুগৰাকী তিৰোতাই ভূঁই ৰুই আছিল । তেওঁলোকৰ কথা বতৰা মোৰ কাণতো পৰিছে ।এগৰাকীয়ে কৈছে “ঘৰত যিমানেই আৰামত নাথাকো কিয় পথাৰত থকা সময়কণ হে মোৰ বৰ ভাল লাগে “। কথাষাৰে মোক বহুত কথাই ভাবিবলৈ বাধ্য কৰালে । অসহ্য গৰমত প্ৰসৰ ৰ’দকো আওকাণ কৰি পথাৰত কাম কৰি থকা মানুহ এগৰাকীয়ে এনকৈ কোৱা মানে বুজিব লাগিব আচলতে তেওঁ কিমান ভাল পাই পথাৰখনক, পথাৰৰ সেউজীয়াক আৰু বোকা মাটিক। সঁচাই পথাৰ এক সম্ভাৱনাৰ প্ৰতীক, চকু মন জুৰোৱা এখন ছবি । বতাহত হালি-জালি থকা , লহপহীয়া ৰোৱনী পথাৰ অতিক্ৰম কৰি গৈছিলো প্ৰথমবাৰৰ তেজপুৰ বিশ্ববিদ্যালয়লৈ যাওঁতেও। সদ্যস্নাতক মোৰ মনত উদয় হোৱা স্নাতকোত্তৰ মহলাত নামভৰ্তিৰ সীমাহীন উত্তেজনাত নতুনকৈ গজালি মেলাইছিল সেই পথাৰখনে। পৃথিৱীখন আৰু অলপ সেউজীয়া দেখিছিলো সেইদিনা । সকলোৰে মনবোৰ সেউজীয়া হওঁক আশা আৰু প্ৰাচুৰ্যৰে ভৰি পৰক। অসূয়া-অপ্ৰীতি আঁতৰি যাওঁক।এয়াই কামনা কৰিলো।
উঠি অহা প্রজন্মৰ মাজত কিতাপ পঢ়াৰ অভ্যাস কমিছে বুলি সততে অভিযোগ শুনা যায় । ছ’ছিয়েল মিডিয়াৰ হাতোৰাই টানি নিয়ে অমূল্য সময়বোৰ। মাধ্যম এটাৰ ভাল আৰু বেয়া দিশ দুয়োটাই থাকে।চলাওতা জনৰ ওপৰতে ইয়াৰ প্ৰভাৱ নিৰ্ভৰ কৰে। সেইখন পৃথিৱী ভাৰ্চুৱেল । হাতেৰে চুব নোৱাৰা দূৰত্বত একেই যোগসূত্ৰৰ সূঁতাৰে বান্ধ খাই থাকে চিনাকি – অচিনাকি বহুজন । দিনটোৰ গতানুগতিক ব্যস্ততাৰ মাজত এইখন পৃথিৱীৰ কিছুমান বাতৰিয়েও মন চুই যায় । ফেচবুকৰ ”অসমীয়াত কথা বতৰা” গ্ৰুপটোৰ যোগেদি অসমীয়াত লিখা মেলা কৰাৰ যি এক প্ৰয়াস সৃষ্টি হৈছে সেয়া ভাষাটোৰ কাৰণে শুভলক্ষণ বুলিয়েই ক’ব লাগিব । কিছুদিনৰ আগতে কাকতত পঢ়িবলৈ পোৱা বহুকেইটা ইতিবাচক খবৰে মন ভৰাই তুলিলে । সিদিনা নাট্যকৰ্মী পবিত্র ৰাভাই সমাজৰ একপ্ৰকাৰ অৱহেলিত বাওনা সকলক লৈ আৰম্ভ কৰা ”দাপোন” নামৰ প্ৰকল্পৰ কথা জানিব পাৰিলো। নিৰৱে কাম কৰি যোৱা এইসকল মানুহৰ খবৰ অত্যন্ত প্ৰেৰণাদায়ক। ঠিক তেনেকৈ বত্ৰিছ বছৰীয়া দুটাকৈ সন্তানৰ মাতৃ উত্তৰ -পূবাঞ্চলৰ মহিলা পৰ্বতাৰোহী আন্চু জামচেন্পাৰ (Anshu Jamsenpa) পাঁচদিনৰ ভিতৰত দুবাৰকৈ এভাৰেষ্ট আৰোহণৰ বাতৰি আমাৰ কাৰণে প্ৰেৰণাৰ উৎস । হাড়গিলা চৰাইৰ ৰক্ষণাবেক্ষণৰ বাবে নিৰৱে কাম কৰি থকা অসমৰ পৰিৱেশ কৰ্মী পূৰ্ণিমা দেৱী বৰ্মনলৈ অলপতে আগবঢ়োৱা হৈছে সন্মানীয় গ্ৰীণ অস্কাৰ বঁটা । কিছুমান বিৰক্তিকৰ , কেৱল অসংলগ্ন বিতৰ্ক চলি থকা সময়বোৰত এইবোৰ খবৰে মন জুৰায়। কাম কৰাৰ প্ৰেৰণা দিয়ে, মনত উৎসাহ বঢ়ায়।
April 30, 2020
[…] read: প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু ইতিবাচক খবৰব… […]
April 30, 2020
[…] read: প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু ইতিবাচক খবৰব… […]
April 30, 2020
বৰ ভাল লাগিল পঢ়ি বা 😊
May 1, 2020
ধন্যবাদ মেঘালী!