খেলুৱৈসুলভ মানসিকতা আৰু আমি

Sports mentality

ক’ভিদৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতো ট’কিঅ’ অলিম্পিক ২০২০ এইবাৰ   দেশ বিদেশৰ নানান খেলুৱৈৰ সমাহাৰেৰে সফলতাৰে সামৰণি পৰিল৷ টেলিভিছনৰ পৰ্দাত ক্ৰীড়াবিদ সকলৰ অতুলনীয় প্ৰতিভা প্ৰদৰ্শনৰ সাক্ষী হৈ ৰ’লো আমি৷  এইবাৰৰ অলিম্পিকত  গোলাঘাটৰ জীয়ৰী বক্সাৰ লাভলীনা বৰগোঁহাই উজলি উঠিল  প্ৰথমগৰাকী অসমীয়া অলিম্পিক পদক বিজয়ী হিচাপে৷ ২৩ বছৰীয়া লাভলীনাই জীৱনৰ প্ৰথমখন অলিম্পিকতে ব্ৰঞ্জৰ পদক লাভ কৰি আন বহুতৰ কাৰণে অনুপ্ৰেৰণাৰ এটি বাট মুকলি কৰিলে৷ হকীত যেন ভাৰতৰ পূৰ্বৰ গৌৰৱ ঘূৰি আহিল৷ পুৰুষৰ হকীত ব্ৰঞ্জৰ পদক জয় কৰাৰ বিপৰীতে  চেমি ফাইনেলত থমকি ৰ’ল যদিও মহিলা হকী দলেও সাহসেৰে যুজঁ দিলে৷ জেভলিন থ্ৰ’ত ৮৭.৫৮ মিটাৰ দলিয়াই নীৰজ চোপ্ৰাই কঢ়িয়াই আনিলে এথেলেটিকছত প্ৰথমটো স্বৰ্ণ৷ সাফল্যৰ হাঁহি মাৰিলে মীৰাবাই চানু, পি ভি সিন্ধু, ৰবি দাহিয়া আৰু বজৰংগ পুনিয়াই৷ পদক লাভৰ পৰা বঞ্চিত হ’লেও স্ব প্ৰতিভাৰে উজলিল অদিতি অশোক(গল্ফ), কমলপ্ৰীত কৌৰ(ডিছকাছ থ্ৰ’) আদি৷

স্বদেশত উপস্থিত হোৱাৰ পাছত এতিয়া আমি এইসকলক বীৰৰ দৰে আদৰিছোঁ৷ শুভেচ্ছা আৰু পুৰস্কাৰেৰে উপচাই পেলাইছোঁ৷ কিন্তু কিছুদিন পিছত কোনোবা প্ৰতিযোগিতাত আশানুৰূপ ফল দেখুৱাব নোৱাৰিলেই আমি তেওঁলোকক সমালোচনা কৰিম, গালি পাৰিম!! এয়া কেনে মানসিকতা!! মই ভাবোঁ খেলুৱৈ এজনৰ জীৱনৰ লগত প্ৰত্যক্ষভাৱে জড়িত নথকা মানুহ হিচাপে এয়া কৰিবলৈ আমাৰ অধিকাৰ নাই৷ খেলুৱৈ সকলৰ জীৱনত শাৰীৰিক সক্ষমতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ আঘাতৰ সমস্যাই তেওঁলোকক লগ এৰা নিদিয়ে৷ কোন খেলুৱৈ কিমান আঘাতপ্ৰাপ্ত সেয়া আমি খবৰ নৰখাকৈয়ে অমুক খেলুৱৈৱে কেৱল বিজ্ঞাপনতে ব্যস্ত থাকিলে, অলিম্পিক কোৱালিফাই কৰিব‌ই নোৱাৰিলে আদি কথাৰে সমালোচনা কৰি মানসিক আতিশয্য চলাওঁ৷ আৰ্থিক সচ্ছলতা খেলুৱৈ এজনেও বিচাৰে, এখন দেশক প্ৰতিনিধিত্ব কৰি তেওঁলোকে খেলে, বিনিময়ত আৰ্থিক অনুদান, স্পনছৰশ্বিপ তেওঁৰো কাম্য বুলি ম্ই ভাবোঁ৷ পৰৱৰ্তী জীৱনত যেতিয়া তেওঁ ফিটনেছৰ অভাৱত ভূগি খেলিব নোৱাৰা হ’ব তেতিয়া  জীৱনটো চলাই নিবলৈ অৰ্থৰ প্ৰয়োজন নহ’ব নেকি? খেলুৱৈয়ে অৰ্থৰ অভাৱত জুৰুলা হৈ নিজৰ মেডেল পৰ্যন্ত বেচিব লগীয়া হোৱা কাহিনী আমাৰ দেশত নতুন নহয়৷ এই কথাবোৰ  পাহৰি যোৱা উচিত জানো?? আন্তঃৰাষ্ট্ৰীয় বহুকেইজন তাৰকা ক্ৰিকেটাৰ তথা ফুটবলাৰৰ মাহিলী উপাৰ্জনৰ পৰিসংখ্যা দেখি আমি চকু কপালত উঠাও কিন্তু আমাৰ কোনোবা এজন খেলুৱৈয়ে বিজ্ঞাপনত ভাগ লোৱাটোও আমি সহ্য কৰিব নোৱাৰো৷

প্ৰতিখন খেলতেই হৰা-জিকা আছেই৷ তাকেই খেলুৱৈসুলভ মানসিকতাৰে আমি গ্ৰহণ কৰিবলৈ টান পাওঁ৷ এইবাৰ অলিম্পিকতে খেলত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় মহিলা হকী দলৰ প্ৰতিভাৱান খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰত কিছুলোকে  উচ্চ-নীচৰ গ‌ইনা লৈ শিলগুটি দলিয়াইছে৷ কিন্তু অলিম্পিক হকীৰ ইতিহাসত হেটট্ৰিক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা বন্দনা কাটাৰিয়া৷ এয়া কেনে মানসিকতা এজন খেলুৱৈৰ প্ৰতি!!! এনেকুৱা ঘটনা বহুকেইজন ভাৰতীয় ক্ৰিকেট খেলুৱৈৰ লগতো হৈছে৷ প্ৰতিগৰাকী খেলুৱৈৰ নিজৰ এক সুকীয়া বিশেষত্ব আছে৷ এজন খেলুৱৈৰ সাফল্যৰ উচ্চ প্ৰসংশা কৰিবলৈ গৈ আন এগৰাকীক টানি আনি সমালোচনা কৰাটোও উচিত কথা নহয় যেন লাগে৷ এইবাৰ অলিম্পিক খেলিবলৈ যোগ্যতা লাভ নকৰিলে বুলিয়েই আমি  ইতিহাস সৃষ্টি কৰি বিশবছৰ অনূৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ একমাত্ৰ এথলিট হিচাপে সোণৰ পদক পোৱা হিমা দাসক সমালোচনাৰে থকাসৰকা কৰিম নেকি? নে পৰৱৰ্তী খেলসমূহত ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ আমি তেওঁক সাহস দিম? এনেকুৱা আচৰণ কৰি মানসিকভাৱেও তেওঁক দূৰ্বল কৰি নিদিলোনে? মই ভাবোঁ আমি যদিহে উন্নত প্ৰদৰ্শন বিছাৰো তেন্তে খেলুৱৈ সকলকো চাপমুক্ত হৈ খেলাৰ সুবিধাকণ দিব লাগিব৷

(সাতসৰীৰ অক্টোবৰ ২০২২মাহৰ সংখ্যাত প্ৰকাশিত)

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top