যোৱা বৰ্ষত মুক্তি লাভ কৰা “দ্য গ্ৰেট ইণ্ডিয়ান কিচ্ছেন” (The Great Indian Kitchen) নামৰ কেৰেলাৰ চিনেমাখন হয়তো আমি বহুতেই উপভোগ কৰিছোঁ। অধিকাংশ পাকঘৰৰ ৰন্ধনৰ দৃশ্যৰ মাজেৰে কাহিনী আগবাঢ়ি যোৱা চিনেমাখনত দেখুওৱা হৈছিল পুৰুষতান্ত্ৰিক সমাজ এখনত নাৰীৰ জীৱনৰ বহু কাহিনী। চিত্ৰিত হৈছে পুৰণিকলীয়া নীতি নিয়ম খামুচি থকা সমাজে সততে সন্মান কৰা পৰিয়াল এটালৈ বিয়া হৈ অহাৰ পিছত এজনী ছোৱালীয়ে সন্মুখীন হোৱা সমস্যা আৰু হুমুনিয়াহ। ইয়াত আছে নাৰীৰ মানসিক আৰু শাৰীৰিক শোষণৰ কাহিনী। চিনেমা খনৰ যোগেদি এক অনন্য পদ্ধতিৰে আমাৰ সমাজ ব্যৱস্থাত নাৰীৰ চিত্ৰায়ণ কৰি পৰিচালকে এক সাহসিক কামেই কৰি দেখুওৱা বুলি ক’ব পাৰি।
সততে কোৱা হয় আমাৰ সমাজত ছোৱালী হৈ জন্ম হ’লে হেতা ধৰিবই লাগিব, তাৰমানে পাকঘৰৰ দায়িত্বভাৰ নাৰীৰ। হয়তো পৰিচালকে এই কথাৰেই উচিত ব্যৱহাৰ কৰিছে চিনেমাখনত। অধিকাংশ দৃশ্যৰ অৱতাৰণা হৈছে পাকঘৰৰ সুস্বাদু ব্যঞ্জন ৰন্ধনৰ দৃশ্যৰে। ৰাতিপুৱা পৰিয়ালৰ পুৰুষ সদস্য দুজনে যোগাসন কৰা, কাকত পঢ়াৰ সময় পাইছে কিন্তু দুইগৰাকী মহিলাই ঘৰৰ নিত্য নৈমিত্তিক কামখিনি কৰি লৈ ব্যস্ত পাকঘৰত ভিন ভিন খাদ্যবস্তু ৰন্ধাত। তাৰপিছত আকৌ গৰমে গৰমে পুৰুষ দুজনক খাদ্যবস্তু টেবুলত পৰিবেশন কৰাৰ দায়িত্বও মহিলা দুগৰাকীৰ ওপৰতে। এৰেহা খোৱাবস্তু পেলাই গোটেই টেবুল লেতেৰা কৰিছে, সেয়া চাফা কৰিব মহিলা গৰাকীয়েই। খোৱাৰ শেষত পুৰুষ দুজন নিজৰ কামত ওলাই গ’ল, তাৰ পিছত মহিলা দুগৰাকীয়ে খাদ্য গ্ৰহণ কৰি লেতেৰা বাচন বৰ্তন ধুই পাকঘৰ চাফা কৰিছে। যেন এয়া মহিলাৰে কাম। কাহিনীটোত মুখ্য চৰিত্ৰ হিচাপে দেখুওৱা ছোৱালী জনীয়ে বিয়াৰ আগত নাচিছিল, বিয়া হৈ অহাৰ পিছত ৰন্ধন প্ৰকৰণেৰে পাকঘৰ সামৰি লৈ ঘৰখনৰ সকলোকে সন্তুষ্ট কৰিব খোজা ছোৱালীজনীক কোনোবাই সূধিলেনে তাই কি ভাল পাই?? শেষত চাকৰি এটা কৰো নেকি বুলি অনুমতি লওঁতেও তাইক বাধা দিয়া হ’ল স্বামীয়ে চাকৰি কৰেই যেতিয়া তাই কিয়নো কৰিব লাগে বুলি। শহুৰেকে প্ৰেছাৰ কুকাৰত ৰন্ধা ভাত খাই বেয়া পাই কাৰণেই জুইশালত চৰুত ভাত ৰান্ধিবলৈ শিকিব লগীয়া হ’ল ছোৱালীজনীয়ে। নিজৰ পছন্দ- অপছন্দবোৰ জাপি দিয়াটোও একপ্ৰকাৰৰ পুৰুষতান্ত্ৰিকতাৰে লক্ষণ আছলতে। ইমানখিনিৰ পিছতো ফোনৰ সিপাৰে মাকে তাইক সান্তনা দিছে, বুজাইছে সেইখন ঘৰৰ নিয়ম মতেই চলিব লাগিব বুলি। চিনেমা খনত দেখুওৱা ধৰণে বহু পুৰুষ আমাৰ সমাজতো আছে যাৰ হাতত ৰাতিপুৱা ব্ৰাছ তুলি দিব লাগে, ক’ৰবালৈ ওলাই যাওঁতে চেণ্ডেলযোৰ আনি সন্মুখত দিব লাগে। বহু মহিলাই বিনা প্ৰতিবাদেই এইবোৰ কৰি যায় কৰ্তব্য বুলিয়েই।
কেন্দ্ৰীয় চৰিত্ৰৰ ছোৱালীজনীয়ে শেষত প্ৰতিবাদ কৰিছে এদিন। দীৰ্ঘদিনীয়া শোষণৰ অন্তত বিয়া হৈ অহা ঘৰখনৰ দুয়োজন পুৰুষকে ঘৰৰ দুৱাৰ বন্ধ কৰি তাই ওলাই আহিছে মুক্ত পৰিবেশলৈ সাহসেৰে । ঘৰত ভায়েকে ভনীয়েকক পানী এগিলাচ দিব কওঁতে তাই চিঞৰিছে নিজে কিয় লৈ খাব নোৱাৰে বুলি। এই চিঞৰটোৰ দ্বাৰা সমাজৰ বহুতৰ চিন্তাধাৰাৰ সংশোধন হ’ব নে ?? পানী গিলাচ ভনীয়েকে আনি দিব লাগিব বুলিতো কোনো ধৰাবন্ধা নিয়ম নাই। আমাৰ সমাজ ব্যৱস্থা এনেকৈয়ে চলি আহিছে লিংগ বিশেষে কামৰ শ্ৰেণীবিভাজন কৰি। শিশু অৱস্থাতে আমি মনত সুমুৱাই দিছোঁ ছোৱালীয়ে পুতলা লওক, ল’ৰাটোৱে খেলনা গাড়ীখন। এই মানসিকতা বোৰো সৰুতেই সলনি হ’ব লাগিব। ঠিক তেনেদৰে পাকঘৰটোও কেৱল নাৰীৰে নহয়, ইয়াত পুৰুষ এজনৰো আছে সমানে দায়িত্ব। পিতৃ মাতৃয়েও সৰুৰে পৰাই ছোৱালীৰ লগতে ল’ৰাবোৰকো কিছুমান কাম শিকাব লাগিব। আমি এয়া কাম ল’ৰাই নকৰে কেৱল ছোৱালীয়েহে কৰে এইধৰণৰ মানসিকতা সলনি কৰিবৰ হ’ল।