সাধাৰণ দৰ্শকৰ দৃষ্টিৰে ” ভিলেজ ৰকষ্টাৰ ” চোৱাৰ অনুভৱ……

Village Rockstars the movie review

কেন্দ্ৰীয় চৰিত্ৰ ধুনু, লগত এজাক কিশোৰ। থাৰ্ম’কলৰ গীটাৰ এখন লৈ টোপনি যোৱা ধুনুৰ বাস্তৱত এখন সঁচা গীটাৰ বজোৱাৰ মন। তাহা‍ঁতে সপোন দেখে এটা ৰক বেণ্ডৰ। এয়া “ভিলেজ ৰকস্টাৰ” (Village Rockstar) ৰ কাহিনী। বলিউডৰ বহু কেইখন উচ্চ বাজেটৰ ছবিক পিছ পেলাই  অস্কাৰৰ মনোনয়ন লাভ কৰা ৰীমা দাসৰ এই ছবিখনে অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈও আশাৰ ৰেঙনি কঢ়িয়াই আনিলে। দেশী-বিদেশী বহু কেইটা চলচ্চিত্ৰ মহোৎসৱত উচ্চ সমাদৰ লাভ কৰা আৰু পুৰস্কৃত হোৱা ছবিখনে যোৱা ২৮ ছেপ্টেম্বৰত অসমতো মুক্তি লাভ কৰিলে। মহানগৰীৰ প্ৰাগজ্যোতি চিত্ৰগৃহত দৰ্শকৰ ভিৰ ফালি আমিও উপভোগ কৰিলো বহুদিনৰ পৰা চাম বুলি ভাবি থকা ছবিখন। সেই সময়খিনিত নিজকে পাহৰি একাত্ম হৈ পৰিলোঁ চৰিত্ৰ বোৰৰ মাজত। কোনোৱে অভিনয় কৰা যেন নালাগিল। সঁচা কাহিনী, জীয়া চৰিত্ৰ কিছুমান দেখিবলৈ পালোঁ। গাঁৱৰ পৰিৱেশ, সমাজখন, চহা গা‍ঁৱলীয়া সহজ সৰল জীৱনবোধ, বানপানীয়ে বিধ্বস্ত কৰাৰ পিছতো কাম কৰি খোৱাৰ অদম্য হেঁপাহ, প্ৰকৃতিৰ সৈতে সহাৱস্থান আদি বৰ সুন্দৰকৈ দেখুৱাইছে। গাঁৱৰ এদল কিশোৰৰ মুকলিমুৰীয়া জীৱন, সহজ সৰল প্ৰকাশ ভংগী আৰু তাহাঁতৰ সপোন, আব্দাৰবোৰ তুলি ধৰা হৈছে কেমেৰাৰ বৰ্ণময় ভাষাৰে। ধুনুৰ চৰিত্ৰত ভনিতা দাসৰ অভিনয় সঁচাকৈয়ে শলাগ ল’বলগীয়া। ভিতৰুৱা গাঁও এখনৰ পৰিৱেশ তুলি ধৰাত পৰিচালক পূৰামাত্ৰাই সফল হৈছে। ছবিখনত নাই কোনো সংলাপৰ বাধ্যবাধকতা, সচৰাচৰ কথা পতাৰ দৰেই চৰিত্ৰ সমূহে কথা কৈছে। সেয়ে হয়তো আঞ্চলিক ভাষাত নিৰ্মিত ছবিখনে ভাষাৰ পৰিধি ভাঙি বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।

ছবিখনৰ প্ৰতিটো চৰিত্ৰ‌ই স্বভাৱ সুলভ, কোনো কৃটিমতা নাই। ধুনুৰ মাকৰ চৰিত্ৰটোৱে এক অন্য মাত্ৰা বহন কৰিছে ছবিখনত। ধুনুৰ মাক এগৰাকী খা‍ঁটিখোৱা গাঁৱলীয়া সৰল মহিলা কিন্তু তেওঁৰ চিন্তাধাৰা উচ্চ। ল’ৰাৰ লগত ঘূৰি ফুৰা, গছ বগাই ভাল পোৱা ধুনক গাঁৱৰ অন্য মহিলা সকলে সমালোচনা কৰোঁতে তেওঁ ধুনুৰ পক্ষ লৈছে। গীটাৰ এখনৰ সপোন দেখা ধুনুক নিৰুৎসাহ নকৰি কিনি দিম বুলিও কৈছে।সাঁতোৰিব নজনাৰ ফলত পানীত ডুবি মৃত্যু হোৱা দেউতাকৰ  উদাহৰণ দি মাকে নদীত ধুনুক সা‍ঁতুৰিবলৈ শিকোৱা দৃশ্যটোৱে বুজাই  নৈপৰীয়া মানুহৰ জীৱন যুজঁৰ বাবে তেওঁ জীয়েকক কেনেকৈ প্ৰস্তুত কৰিছে। বানপানীত সমস্ত খেতি পানীৰ তলত ডুবি যোৱাৰ পিছত নাওঁত উঠি ধুনু আৰু মাকে পথাৰলৈ যাওঁতে ধুনুৱে মাকক সুধিছে প্ৰতি বছৰে বানপানী হৈ খেতি নষ্ট কৰাৰ পিছত আমি ইমান কষ্ট কৰি কিয় খেতি কৰোঁ। পানীৰে উপচি পৰা পথাৰ খনলৈ দৃষ্টি ৰাখি মাকে কৈছে কৰ্মই আমাৰ ধৰ্ম। এই এষাৰ মাথোঁ কথাৰেই তেওঁ বহু কথাই বুজাইছে।গীটাৰ এখন কিনিবলৈ বহুত প‌ইচাৰ দৰকাৰ বুলি গম পোৱাৰ পাছত ধুনুৱে  মা আমাৰ বেংকত প‌ইচা আছেনে বুলি মাকক সোধা, আনৰ ঘৰত তামোল পাৰি প‌ইচা গোটাই বাঁহৰ চু‌ঙাত সাঁচি থোৱা , বাৰিষাৰ বৰষুণত ঘৰৰ চোতালত  মূৰত জাঁপি পিন্ধি থাৰ্ম’কলৰ গীটাৰ বজোৱা, পথাৰৰ মাজৰ ওখ গছৰ ফেৰেঙনিত শুই থকা,  পথাৰৰ বোকা পানীত জীৱনৰ সমস্ত জটিলতা পাহৰি আপোনমনে খেলা, স্কুলৰ পৰা আহোঁতে বৰষুণ দিয়াত মূৰত কছুপাত লোৱা আদি ছবিখনৰ মন চুই যোৱা দৃশ্য।

মুঠৰ ওপৰত সহজ সৰল ভাষাৰে বহু কথা কোৱা ছবি ভিলেজ ৰকষ্টাৰ। ভিতৰুৱা গাওঁ এখনৰ পূৰ্বে ছবিত অভিনয় নকৰা এদল  শিল্পীক লৈ এখন বিশ্বমানৰ ছবি নিৰ্মাণ কৰি অসম্ভৱকো সম্ভৱ কৰি তুলিলে ৰীমা দাসে । 

1 Comment

  1. […] ( ভিলেজ ৰকষ্টাৰৰ বিষয়ে পঢ়িবলৈ ক্লিক কৰক) […]

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top