সাধাৰণতে চৰকাৰী কাৰ্যালয়ৰ কাম বুলি ক’লে মনত একপ্ৰকাৰৰ বিৰক্তিকৰ ভাৱ মনলৈ আহে। মানুহৰ ভিৰ-হেতাওপৰা, বিল পৰিশোধ বা বেংকৰ কিবা কামত লানি নিছিগা শাৰী, বিভাগীয় দায়িত্বত থকা বিষয়া কৰ্মচাৰী সময়মতে আহি নোপোৱাত দীঘলীয়া অপেক্ষা কৰিবলগীয়া হোৱা পৰিস্থিতিৰ লগত আমি বেছিভাগেই পৰিছিত। পিছে তাৰ মাজতে শৃংখলাবদ্ধ কাম-কাজ চলাই থকা কাৰ্যালয়ো আছে । উদাহৰণ হিচাপে গুৱাহাটীৰ পাছপৰ্ট সেৱা কেন্দ্ৰ (Passport Seva Kendra) ৰ নাম ল’ব পাৰি। কিছুদিন আগেয়ে এই কেন্দ্ৰত গৈছিলোঁ আৰু শৃংখলাবদ্ধতা দেখিবলৈ পাইছিলোঁ। ক’ভিড ১৯ ৰ এই বিপদসংকুল সময়ছোৱাত তেওঁলোকে ভিতৰত বহিবলৈ এক সূন্দৰ ব্যৱস্থা কৰিছে। এক নিদিষ্ট দূৰত্ব বজাই কিছু আসন খালী ৰাখি বিভাগীয় কামত যোৱা মানুহক বহিবলৈ দিছে। লগতে প্ৰৱেশদ্বাৰত থাৰ্মেল স্কেনাৰ আৰু চেনিটাইজাৰৰ ব্যৱস্থা কৰা দেখিয়ো ভাল লাগিল। অন্য এটা মন কৰিবলগীয়া কথা হ’ল কেন্দ্ৰটিৰ বিষয়া-কৰ্মচাৰীৰৰ সৌহাদ্যপূৰ্ণ ব্যৱহাৰ আৰু নিপুণ কামকাজ। ৰাতিপুৱা ১০.৩০ মান বজালৈকে মই তাত থকা সময়ত ভিৰ অলপ কম আছিল যদিও পিছলৈ ৰাইজৰ ভিৰ অলপ বেছি হোৱাৰ পাছতো কিন্ত সময়ৰ মূল্যবোধক গুৰুত্ব দি কামবোৰ সুচাৰুৰূপেই চলি আছিল। সেইদিনা সঁচাকৈয়ে পাছপৰ্ট সেৱা কেন্দ্ৰ (Passport Seva Kendra) ৰ কাৰ্যালয়ত সুন্দৰ অভিজ্ঞতা লাভ কৰিলোঁ।
May 11, 2021
[…] (পঢ়িবৰ বাবে ক্লিক কৰক: এটা কাৰ্যালয়ৰ কথাৰে…) […]