কোটিটকীয়া চাকৰিৰ প্ৰস্তাৱ নাকচ কৰা এগৰাকী সফল উদ্যোগী বিনীতা সিং

Chayanika Boruah Vineeta Singh Nandini July 2022 3

দেশৰ দুখনকৈ নামজ্বলা প্ৰতিষ্ঠান আই.আই.টি মাদ্ৰাজ আৰু আই.আই.এম আহমেদাবাদৰ পৰা উত্তীৰ্ণ এগৰাকী মেধাৱী ছাত্ৰীৰ কাহিনী এয়া। ছাত্ৰী গৰাকীৰ নাম বিনীতা সিং (Vineeta Singh)। বিজনেছ মেনেজমেণ্ট বিভাগত সফলতাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত বিশ্বৰ আগশাৰীৰ বিনিয়োগ বেংক এটাৰ পৰা এক কোটিটকাৰ লোভনীয় চাকৰিৰ অফাৰ আহিল তেওঁলৈ। কিন্তু পৰিয়ালৰ সকলোকে আছৰিত কৰি মেধাৱী ছাত্ৰী গৰাকীয়ে চাকৰিৰ অফাৰ প্ৰত্যাখ্যান কৰি এটি ষ্টাৰ্ট আপ কোম্পানী খোলাৰ মন কৰিলে। এই প্ৰত্যাখ্যান যেন আশীৰ্বাদহে হৈ পৰিল। দুটাকৈ ষ্টাৰ্ট আপৰ বিফলতাৰ পিছত তৃতীয়টো প্ৰচেষ্টাত তেখেতে সফলতা লাভ কৰিবলৈ সক্ষম হ’ল। জীৱনৰ বহু উঠা-নমা নেওচি নিজৰ প্ৰচেষ্টাৰে তেখেত উজলি উঠিল। এতিয়া বিনীতা সিঙ ভাৰতৰ আগশাৰীৰ বহুল প্ৰচলিত প্ৰসাধন সামগ্ৰীৰ উদ্যোগ “চুগাৰ কছমেটিকছ”ৰ সহ প্ৰতিস্থাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি.ই.অ’)। শেহতীয়াকৈ ছ’নী টিভিযোগে সম্প্ৰচাৰিত “ছাৰ্ক টেংক ইণ্ডিয়া” নামৰ ব্যৱসায় সম্বন্ধীয় ৰিয়েলিটী শ্ব’টোতো বিচাৰক হিচাপে দেখা গৈছিল তেখেতক।

আৰম্ভণিতে প্ৰতি বছৰে দুই কোটি বিক্ৰী হোৱা “চুগাৰ কছমেটিকছ”ৰ বিক্ৰী এতিয়া এদিনতে দুই কোটি। স্বামী তথা সহ প্ৰতিষ্ঠাপক কৌশিক মুখাৰ্জীৰ সৈতে যথেষ্ট কষ্ট কৰি তেওঁ আজিৰ এই সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে। ব্যক্তিগত আৰু পেশাদাৰী জীৱনত বিনীতা সিঙ তেখেতৰ দেউতাক এইমছৰ বিজ্ঞানী তেজ সিঙৰ জীৱনৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত। কেঞ্চাৰ তথা অন্য কিছুমান অসুখৰ ঔষধৰ আবিষ্কাৰৰ বাবে নিৰন্তৰ গৱেষণা কৰি থকা পিতৃৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু সততাই তেখেতক নিজৰ কোম্পানীৰ বিফলতাৰ দিনবোৰত মনোবল অটুট ৰখাত সহায় কৰিছিল।

২০১৫ চনত স্থাপন কৰা “চুগাৰ কছমেটিকছ” মহিলা সকলৰ প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড। বিনীতা সিঙ (Vineeta Singh) ৰ মতে স্থানীয় বাছ, ট্ৰেইন আদিৰে যাত্ৰা কৰি দৈনিক কৰ্মক্ষেত্ৰলৈ অহা যোৱা কৰা মহিলা সকলৰো দীৰ্ঘসময়ৰ বাবে মেক আপ অটুট ৰাখিব পৰাকৈ বহুকেইটা প্ৰসাধন সামগ্ৰী চুগাৰে প্ৰস্তুত কৰি আহিছে। ভাৰতীয় মহিলা সকলে কেনেকুৱা প্ৰসাধন সামগ্ৰী সততে বিচাৰে তথা গুণগত মান, মেক আপৰ স্থায়িত্ব, মূল্য আদিৰ ওপৰত বহু পৰীক্ষা নিৰীক্ষা কৰা বুলি তেখেতে জানিবলৈ দিয়ে। সেইকাৰণে বৰ্তমান ভাৰতত বহুকেইটা প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড আছে যদিও ডিজিটেল মাধ্যমত চুগাৰৰ সামগ্ৰীৰ বিশেষ আদৰ আৰু জনপ্ৰিয়তা আছে। ভাৰতীয় মহিলাৰ ছালৰ ৰঙৰ সৈতে খাপ খুৱাকৈ এই সামগ্ৰীসমূহ প্ৰস্তুত কৰা হৈছে। আজি সমগ্ৰ ভাৰতৰ ৫০০ খনতকৈও অধিক চহৰত চুগাৰৰ সামগ্ৰীৰ দোকান আছে । ২০২০ বিত্তীয় বৰ্ষত ১০৫ কোটি ৰাজহ লাভ কৰিছিল আৰু এলিভেচন কেপিটেলৰ নেতৃত্বত ২১ মিলিয়ন ডলাৰৰ ভেঞ্চাৰ ফাণ্ডিং সংগ্ৰহ কৰিছিল।

২০১৫ চনত যেতিয়া চুগাৰ কছমেটিকছ আৰম্ভ হৈছিল তেতিয়া ইয়াৰ দহ শতাংশ অনলাইন ক্ৰেতা মহিলা আছিল কিন্তু বৰ্তমান এই পৰিসংখ্যা ৪৩শতাংশলৈ উন্নীত হৈছে। বিনীতা সিঙৰ মতে এই পৰিসংখ্যাই এইটোৱেই সূচায় যে মহিলা সকল আগতকৈ আত্মবিশ্বাসী আৰু নিজৰ সিদ্ধান্ত গ্ৰহণ কৰাত স্বাধীন হৈছে। নিজে ধন উপাৰ্জন কৰা বহু মহিলাই পছন্দৰ প্ৰসাধন সামগ্ৰী কিনাৰ আগ্ৰহ কৰে। বৰ্তমান ভাৰতৰ বহুকেইটা উদ্যোগৰ সাফল্যৰ আঁৰত মহিলাৰ অৱদান আছে।

বিনীতা সিং এগৰাকী শক্তিশালী আৰু বহুমুখী প্ৰতিভাশালী উদ্যোগী মহিলা। চুগাৰৰ যোৱা তিনি বছৰত যি উত্তৰণ হৈছে তাৰ আঁৰত তেখেতে দলটোৰ উচ্চ প্ৰদৰ্শনৰ এক প্ৰেৰণা হিচাপে কাম কৰি আহিছে। এগৰাকী সফল উদ্যোগী হোৱাৰ ওপৰিও বিনীতা এগৰাকী ট্ৰাই এথলিট আৰু মাৰাথনবিদ। সফলতা লাভ কৰিবৰ বাবে একান্ত ধৈৰ্য আৰু একাগ্ৰতা লাগিব এই কথাষাৰ তেখেতে বিশ্বাস কৰে। তেখেতৰ মত,”যদি তুমি বিশ্বমানৰ ভাল কিবা এটা কাম কৰিম বুলি ভাবিছা, তেন্তে প্ৰায় দহৰ পৰা পোন্ধৰ বছৰ তুমি একেৰাহে কষ্ট আৰু ধৈৰ্য্যৰে লাগি থাকিব লাগিব”।

(নন্দিনী আলোচনীৰ ২০২২ জুলাই মাহৰ সংখ্যাত প্ৰকাশিত)

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top