চেলুলাৰ জেইল: বন্দীশালৰ মৌন ইতিহাস

Cellular Jail

আন্দামানৰ পোৰ্টব্লেয়াৰত অৱস্থিত চেলুলাৰ জেইল (Cellular Jail) ভাৰতৰ স্বাধীনতা সংগ্ৰামী সকলৰ বীৰত্ব আৰু ব্ৰিটিছ শাসকে বন্দী সকলক কৰা অমানবীয় অত্যাচাৰৰ এক নিৰব ইতিহাসৰ সাক্ষী। আন্দামানৰ সাগৰৰ মাজৰ নিৰ্জন দ্বীপত ৰাজনৈতিক  বন্দীসকলক প্ৰথমে ব্ৰিটিছে নিৰ্বাসন দিছিল। সেইকাৰণে হয়তো চেলুলাৰ জেইল ‘কালাপানী’ নামেৰেও পৰিচিত। বৰ্তমান সময়ত ৰাষ্ট্ৰীয় স্মৃতিসৌধ হিচাপে সংৰক্ষিত এই চেলুলাৰ জেইলত  বিনায়ক দামোদৰ সাৱাৰকাৰ, উল্লাস্কৰ দত্ত,বাতুকেশ্বৰ দত্ত, শিৱ বাৰ্মা, সূধাংশু দাশগুপ্তা আদি বহুকেইজন স্বাধীনতা সংগ্ৰামী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত বন্দী হৈ আছিল। 

তথ্যমতে ১৮৯৬ চনৰ পৰা নিৰ্মাণকাৰ্য আৰম্ভ হোৱা চেলুলাৰ জেইল ১৯০৬ চনত সম্পূৰ্ণ হৈছিল।  জেইলখনত বাইচাইকেলৰ চকাৰ স্পকৰ দৰে সজ্জাত মুঠ সাতটা ৱিংগ আছে আৰু সৰ্বমুঠ ৬৯৬ টা চেল আছে। প্ৰতিটো চেল ৪.৫×২.৭ মিটাৰ জোখৰ। এই সৰু সৰু খোটালীবোৰৰ কাৰণেই হয়তো চেলুলাৰ জেইল নামটো দিয়া হৈছিল। চেলবোৰ এনেদৰে সজা হৈছিল যাতে বন্দীসকলে পৰস্পৰৰ মাজত কথা পাতিব নোৱাৰে। এটা স্পকৰ পিছফাল অন্য স্পকৰ সন্মুখভাগ পৰে এনেকুৱাকে সজা হৈছিল। বন্দীশালৰ তলা এনেকুৱাকৈ সজা হৈছিল যাতে বন্দী হৈ থকা জনে কেতিয়াও হাতেৰে ঢুকি নাপায়। বন্দীয়ে হাতেৰে চুব নোৱাৰে বুলি জনা কাৰণেই ৰখীয়াসকলে তলা মাৰি চাবিটো দলিয়াই দিছিল চেলৰ ভিতৰলৈ । সঁচাকৈয়ে, কেনে নিৰ্মম নিৰ্যাতন!  বন্দিত্বৰ নিন্দিত কাহিনী!!

যোৱা নৱেম্বৰ মাহত আন্দামানলৈ ফুৰিবলৈ যাওঁতে কালাপানী খ্যাত চেলুলাৰ জেইল (Cellular Jail) দৰ্শন কৰিছিলোঁ। খটখটিয়েদি  উঠি গৈ জেইলৰ সৰু সৰু ছে’লবোৰ দেখি শিহৰিত হৈছিলোঁ, সঁচাই বন্দীশালৰ নিৰ্জনতা, বন্দিত্ব আৰু অমানুষিক অত্যাচাৰৰ নীৰৱ সাক্ষী এই প্ৰতিটো কোঠা। কোনোবাজনক লোহাৰ শালত ওলোমাই থৈছিল, কাৰোবাক কোবাই কোবাই হত্যা কৰিছিল, অত্যাচাৰৰ ফলশ্ৰুতিত বন্দীশালতে বহুজনে নিজকে ফাঁচী দিছিল। পলাব খুজিলেও পলাব পৰা নাছিল, চাৰিওফালে সাগৰ। অকথ্য নিৰ্যাতন, শাস্তি হিচাপে দণ্ড আৰু শ্ৰম, খাবলৈ দিছিল নিম্নমানৰ খাদ্য। পলাব বিছৰা সকলক আকৌ ধৰি আনি যমৰ যন্ত্ৰণা দিছিল। অনশন কৰা সকলক  এনেকৈ জোৰ কৰি খুৱাইছিল যে মৃত্যুক সাবতি লৈছিল। 

জেইলত লগোৱা প্ৰকাণ্ড তলা-ছাবি, বন্দীসকলে পিন্ধা কাপোৰ, বিভিন্ন সময়ত তোলা বহু পুৰণি চিত্ৰ ইত্যাদি সংৰক্ষিত আছে চেলুলাৰ জেইলত। বিনায়ক দামোদৰ সাৱাৰকাৰক বন্দী কৰি ৰখা ছে’ল তেখেতৰ এখন প্ৰতিচ্ছবি সহ স্মাৰক হিচাপে সংৰক্ষণ কৰা আছে। চেলুলাৰ  জেইলত এটা কোঠাৰ বেৰত স্মাৰক হিচাপে সেই সময়ত বন্দী হৈ থকা  বিভিন্ন ৰাজ্যৰ স্বাধীনতা যুজাঁৰু সকলৰ নাম লিখা আছে। অসমৰ দুজন স্বাধীনতা সংগ্ৰামী ক্ৰমে গোপেন ৰয় আৰু বিনয় লস্কৰৰ নাম তাত দেখা পালোঁ।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰগা‍ঁথা আৰু চেলুলাৰ জেইলৰ ইতিহাস, বন্দীসকলৰ ত্যাগ, জেইলৰ ভিতৰৰ অত্যাচাৰৰ কাহিনী ইত্যাদি সামৰি মুক্ত আকাশৰ তলত সন্ধিয়া প্ৰায় ৪৫ মিনিটৰ এখন লাইট এণ্ড চাউণ্ড শ্ব’  অনুষ্ঠিত কৰা হয় চেলুলাৰ জেইলৰ চৌহদত। হিন্দী আৰু ইংৰাজী দুই ভাষাত উপলব্ধ এই অনুষ্ঠান যথেষ্ট তথ্যসমৃদ্ধ লগতে আমোদৰো উৎস। জেইলৰ চৌহদত থকা পুৰণি আঁহত গছ জোপাক কথক হিচাপে লৈ কাহিনীৰ বৰ্ণনা দিয়া হয়। সেই সময়ত এনে লাগিছিল যেন চকুৰ সন্মুখত কাহিনীৰ চৰিত্ৰবোৰ জীৱন্ত হৈ উঠিছে, কোনোবা চেলৰ পৰা ভাঁহি আহিছে অত্যাচাৰৰ আৰ্তনাদ, কোনোবাটোৰ পৰা ইনকিলাৱ জিন্দাৱাদ ধ্বনি । ডেভিদ বেৰীৰ (David Barry) দানৱীয় অত্যাচাৰৰ কাহিনী শুনি চকুৰ পানী নিগৰিছিল। এয়া নিৰ্জন দ্বীপৰ এখন বন্দীশালৰ কাহিনী যি আজিও সোঁৱৰাই ব্ৰিটিছ শাসনৰ ক’লা ইতিহাস।

(৫ ফেব্ৰুৱাৰী আমাৰ অসমত প্ৰকাশিত)

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top