সাম্প্ৰতিক ঘটনাৱলী আৰু কিছু বিক্ষিপ্ত চিন্তা

people public

কাৰ্বি আ‍ংলঙৰ নৃশংস ঘটনাই আজি আমাক ভাবিৱলৈ বাধ্য কৰিছে সঁচাকৈয়ে আমি মানুহবোৰ সভ‍্য আৰু বিৱেকৱানৰ শাৰীত আছোঁ নে? এতিয়া মানুহৰ হাততে মানুহৰ মৃত্যু সুলভ । আৱেগ, উৰাবাতৰি আৰু আক্ৰোশৰ বৰ্শৱৰ্তী হৈ নিৰ্দোষী কাৰোবাক হত্যা কৰিব পৰাটো যে কিছুমান মানুহৰ কাৰণে একো কথাই নহয় কাৰ্বি আংলঙৰ ঘটনা তাৰেই সাক্ষী। নিৰ্দয়ভাৱে মানুহক প্ৰহাৰ কৰাৰ ভিডিঅ’ এতিয়া মানুহৰ ম’বাইলত ঘূৰি থাকে, ঘটনাস্থলীত পুলিচ গৈ নাপাই  কিন্তু এক্সক্লুছিভ দৃশ্য ছ’ছিয়েল মিডিয়াত উপলব্ধ হয়। ইমানেই নিষ্ঠুৰ হৈ পৰিলোঁ নে আমাৰ অন্তৰবোৰ যে আমি কাৰোবাক হত্যা কৰাৰ দৃশ্য নিৰ্বিকাৰ হৈ ৰেকৰ্ডিঙ কৰোঁতে আমাৰ বুকু নকঁপিল।

যোৱা কিছুদিন ধৰি ৰাজ্যত বৰ্ধিত হাৰত বলাৎকাৰৰ ঘটনা সংঘটিত হৈ আছে। অতি কম বয়সীয়া ছোৱালীৰ পৰা পঞ্চাশোৰ্ধৰ শিক্ষয়িত্ৰী লৈকে কোনো সাৰি যোৱা নাই পাশৱিক দানৱ বোৰৰ কৱলৰ পৰা।কেতিয়াবা নিৰলে ভাৱো‍ঁ কথাবোৰ। কি এক দু:সময় আহি পৰিছে। পখিলাৰ পিছে পিছে দৌৰি ফুৰা ফুলকুমলীয়া ছোৱালী বোৰে কি এখন পৃথিৱীৰ মুখামুখি হৈছে আজি! মুকলি মনেৰে কি সাহত আজি ওলাই ফুৰিব এওঁলোক!

শাৰীৰিক নিৰ্যাতনৰ ওপৰিও বহুক্ষেত্ৰত নাৰীয়ে সন্মুখীন হোৱা মানসিক নিৰ্যাতনৰ কথা যথেষ্ট প্ৰাসংগিক। সমাজত এনেধৰণৰ ঘটনা প্ৰায় ঘটে য’ত নাৰী-পুৰুষ দুইজনেই সমানেই জগৰীয়া। কিন্তু, সন্দেহৰ আঙুলি সদায়েই নাৰীৰ প্ৰতিহে উঠে। পুৰুষতান্ত্ৰিক আমাৰ সমাজ ব্যৱস্থাত বিভিন্ন অজুহাত দেখুৱাই ল’ৰাজন সাৰি যায় কিন্তু সমাজৰ কটূ কথা শুনাৰ পৰা অন্যান্য বিষময়

ফল ভোগ কৰিব লাগে ছোৱালী জনীয়ে। বহক্ষেত্ৰত দেখা যায় ছ’ছিয়েল মিডিয়াত বিকৃত ফটো আপল’ড, ব্লেকমেইলিঙ‌ অথবা অন্যান্য মানসিক হাৰাশাস্তিত অতিষ্ঠ হৈ ছোৱালী এজনীৰ পৰিয়ালৰ ফালৰ পৰা আইনৰ কাষ চাপিলেও এনে ঘটনা ৰাজহুৱা কৰিব নাপায়, ল’ৰাৰ একো নহয়, ছোৱালীৰ সন্মান হানি হ’ব পুলিচ কেচ হ’লে আদি নানান উপদেশ দিয়া মানুহৰ কিন্তু আমাৰ সমাজত অভাৱ নাই। যেতিয়া লৈকে মানুহে সাহসৰ অভাৱত এনেকুৱা ঘটনাবোৰ গাপ দি ৰাখিব তেতিয়া সমাজত এনেকুৱা ঘটনাবোৰ ঘটিয়েই থাকিব। আপোনাৰ ঘৰৰ কাষৰ ভূক্তভূগী ছোৱালী এজনীক যদি আপুনি নিজৰ বুলি ভাবি তাইৰ মানসিক অৱস্থা টো বুজিব চেষ্টা নকৰাকৈ এইজনীৰ পুলিচ কেছ হৈছে বুলি দেখিলেই সমালোচনা কৰা আৰম্ভ কৰে তেন্তে অপৰাধীৰ এজন সমৰ্থক আপুনিও। পোনপটীয়াকৈ নহ’লেও অপৰাধীক আৰু এনেকুৱা কাম কৰিবলৈ উৎসাহ যোগোৱাটোৱে বুজাই ইয়াৰ পৰা।  এনেকুৱা কাম নকৰিবলৈ ল’ৰাজনক সকিয়নী দিয়া মানুহ সমাজখনত কম ওলাই কিন্তু ছোৱালীজনীক দেখিলেই বু বু-বা বা আৰম্ভ হৈ যায়। সৰু কথা হ’লেও বৰ্তমান সময়ত যথেষ্ট চিন্তনীয় বিষয় এয়া।

(পূৰ্বে আমাৰ অসমত প্ৰকাশিত)

3 Comments

  1. Pushpanjali Halder
    March 27, 2020

    সুন্দৰ অনুভৱ তোমাৰ…. মই তোমাৰ চিন্তা লেখনিৰ এগৰাকী নিয়মীয়া পাঠক…অনাগত দিনতো এনে অনেক উন্নত মানদণ্ডৰ চিন্তা তথা অনুভৱবোৰ পাই থাকিম বুলি আশা থাকিল…. ধন্যবাদ আৰু মৰম তোমালৈ ছয়নিকা😘

    Reply
    1. admin
      April 4, 2020

      অশেষ ধন্যবাদ! আগলৈও পঢ়ি থাকিবা

      Reply
  2. […] (সাম্প্ৰতিক ঘটনাৱলী আৰু কিছু বিক্ষিপ্… – পঢ়িবলৈ ক্লিক কৰক) […]

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top