অসম্ভৱক সম্ভৱ কৰি দেখুওৱা সাহসী ছোৱালীজনী…

Avani Lekhara Shooter Tokyo Paralympics mdealist with PM Narendra Modi

ছোৱালীজনী তেতিয়া মাত্ৰ দহবছৰীয়া। নৃত্য আৰু দূৰণিবটীয়া ঠাই ভ্ৰমণ কৰি ভাল পোৱা ছোৱালীজনীৰ জীৱনলৈ এদিন ধুমুহা আহিল।  পৰিয়ালৰ সৈতে ৰাজস্থানৰ জয়পুৰৰ পৰা ঢোলপুৰলৈ গৈ থাকোঁতে ভয়ংকৰ দূৰ্ঘটনাৰ সন্মুখীন হৈ কঁকালৰ তলৰছোৱা সম্পূৰ্ণ অক্ষম হৈ পৰিছিল অৱনী লেখাৰা (Avani Lekhara) নামৰ প্ৰতিভাৱান ছোৱালীজনীৰ। সেই ভয়ানক দিনটোৰ পৰা তেওঁ হৈ পৰিছিল পক্ষাঘাতগ্ৰস্ত, মাত্ৰ হুইল চেয়াৰ খনক সংগী কৰি দুইবছৰ সম্পূৰ্ণ গৃহবন্দী জীৱন কটাইছিল। কিন্তু দহবছৰ পিছত একান্ত মনোবল আৰু সাধনাৰে একপ্ৰকাৰ অসম্ভৱকো সম্ভৱ কৰি ২০২১ বৰ্ষৰ ট’কিঅ’ পেৰাঅলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক লাভ কৰি ইতিহাসৰ সূচনা কৰিলে। আজি অৱনী লেখাৰা কোটি কোটি ভাৰতীয়ৰ কাৰণে গৌৰৱৰ নাম, এটি সম্ভাৱনা আৰু প্ৰেৰণাৰ উৎস।

 অৱনীৰ জীৱনত দেউতাকৰ প্ৰভাৱ অপৰিসীম। সেই ভয়ানক দূৰ্ঘটনাই জীৱনৰ দিশ সলনি কৰি দিয়াৰ পাছতো অৱনীৰ দেউতাকে হাৰ মনা নাছিল, এক সাহচৰ্য হৈ ৰৈছিল জীয়েকৰ বাবে। ঘটনাটোৰ পাছত মানসিক ভাৱেও কিছু দূৰ্বল হৈছিল অৱনী, কথা কমকৈ কৈছিল। কিছু বছৰ বিৰতিৰ পিছত ২০১৪ বৰ্ষৰ পৰা হুইল চেয়াৰত বহিয়েই আকৌ স্কুল যাবলৈ আৰম্ভ কৰা ছোৱালীজনীয়ে নতুনকৈ বন্ধু-বান্ধৱী লগ পাই হেৰোৱা মনোবল উভোতাই পাইছিল। দেউতাকে পৰিচয় কৰাই দিছিল শ্বুটিঙৰ সৈতে। সৰুৰে পৰা খেলৰ প্ৰতি আগ্ৰহ নথকা অৱনীয়ে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল, ৰাইফলটো ধৰাও  হুইল চেয়াৰত বহি থকা ছোৱালী এজনীৰ কাৰণে কষ্টকৰ কাম আছিল। দেউতাক এইবাৰ ভাৰতৰ অলিম্পিয়ান শ্বুটাৰ ‘চোমা শিৰুৰ’ৰ কাষ চাপিল আৰু অৱনীক প্ৰশিক্ষণ দিবলৈ অনুৰোধ কৰিলে। প্ৰথমতে পেৰা এথলিট এগৰাকীক প্ৰশিক্ষণ দিয়াৰ মন নাথাকিলেও  মৰম লগা অৱনীক দেখা লগে লগেই চোমা শিৰুৰে প্ৰস্তাৱটো মানি ল’লে। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে ঋনাত্মক চিন্তাৰে ভাৰাক্ৰান্ত অৱনীৰ মনৰ অৱস্থাটো ঠিক কৰি লোৱাটোহে প্ৰথম কাম আছিল প্ৰশিক্ষণৰ। এয়া এক কঠিন যুজঁ আছিল। কিন্তু পিছলৈ অৱনীৰ সাহস, শিকাৰ আগ্ৰহ, কৌতূহল, কষ্ট কৰাৰ মানসিকতা আদি গুণে এজনী নতুন অৱনীৰ জন্ম দিলে। অৱনী পাৰ্গত হৈ পৰিল শ্বুটিঙত।

ক’ভিদৰ কাৰণ পেৰা অলিম্পিক পিছূৱাব লগা হোৱাত অনুশীলন কৰিব নোৱাৰিও হাৰ মনা নাছিল অৱনী লেখাৰাই, বৰঞ্চ নিজৰ এপাৰ্টমেন্টত প্ৰস্তুত কৰি দিয়া ডিজিটেল ছেট আপ এটাতে কঠোৰ অনুশীলন অব্যাহত ৰাখিছিল। ৰাজস্থানৰ প্ৰশাসনীয় সেৱাত কৰ্মৰত পিতৃ-মাতৃ চাকৰিলৈ যোৱাৰ পিছত তেওঁ ঘৰতে একান্ত অনুশীলন কৰিছিল। প্ৰশিক্ষক শিৰুৰৰ মতে ক’ভিদৰ সময়ত তেওঁ অনলাইন ক’ছিং কৰাৰ দৰেই হৈছিল অৱনীক। যদিও ঘৰতে বহি অনুশীলন কৰাত বহু বাধা আছে তথাপিও পেৰা অলিম্পিকৰ কাৰণে অৱনীক মনোবল বৃদ্ধিত সহায় কৰিছিল এই পদ্ধতিয়ে। এই অদম্য সাহসৰে ফলশ্ৰুতি আমি দেখিবলৈ পাইছিলোঁ ট’কিঅ’ পেৰা অলিম্পিকত, যেতিয়া এই কম বয়সীয়া প্ৰতিভাশালী শ্বুটাৰ গৰাকীয়ে প্ৰথম ভাৰতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰি পেৰা অলিম্পিকত সোণৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। উল্লেখযোগ্য যে ফাইনেল ৰাউণ্ডত ২৪৯.৬ পইণ্ট স্ক’ৰ কৰি অৱনীয়ে ৰেকৰ্ড গঢ়িবলৈও সক্ষম হয়। 

 মাত্ৰ বিশ বছৰ বয়সতে খেলৰত্ন বঁটাৰে সন্মানিত এইগৰাকী অদম্য যুজাঁৰুৰ জীৱনৰ নীতি হ’ল “সপোনক কেতিয়াও হাৰ মানিব নালাগে। কেতিয়াবা কোনো কাম অসম্ভৱ লাগিব পাৰে, কিন্তু তাৰমানে এয়া নহয় যে ভৱিষ্যত সুখৰ আৰু উজ্জ্বল নহ’ব”।  অৱনীৰ মতে এই শ্বুটিঙ খেলবিধে তেওঁৰ মনটো সুস্থিৰ কৰি ৰাখে আৰু ধৈৰ্য্য শক্তি বঢ়ায়। এতিয়া বহুজনৰ প্ৰেৰণাৰ উৎস অৱনীয়ে এছিয়ান গেমছৰ কাৰণে প্ৰস্তুতি চলাই আছে। পেৰা এথলিট এগৰাকীয়ে খেলৰ সমান্তৰালকৈ শাৰীৰিক আৰু মানসিক  যুজঁ এখনো কৰিব লাগে সেয়া  সকলোৱে জানে। কিন্তু এই প্ৰত্যাহ্বান হেলাৰঙে ওফৰাই আজি অৱনী লেখাৰা জিলিকি উঠিছে, ভৱিষ্যতে আৰু সফলতা আহক, এয়াই আমাৰ আশা।

ড০ চয়নিকা বৰুৱা

চন্দ্ৰ তেৰণ পথ, নৰকাসুৰ, কাহিলীপাৰা,গুৱাহাটী

(২২ মে’ ২০২২ নিয়মীয়া বাৰ্তাৰ সুকন্যাত প্ৰকাশিত)

(পঢ়িবৰ বাবে ক্লিক কৰক: মানস অভয়াৰণ্য ত লগ পোৱা গাইডজন…)

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top