গাঁও, চহৰ,আমাৰ শৈশৱ আৰু কিছু অনুভৱ…

village গাঁও গাঁৱ

নতুনকৈ কাৰোবাৰ সৈতে চিনাকি হলেই এটা প্ৰশ্ন আমিও সোধো বা আমাকো আনে সোধে কোন ঠাইৰ বুলি। তোমাৰ ঘৰ ক’ত? গাৱঁ ত নে চহৰত? এইবুলি সোধাৰ লগে লগে তপৰাই উত্তৰ দিওঁ গাঁৱত বুলি। ছাত্ৰী অৱস্থাত হোষ্টেলত থাকোঁতেও বা কলেজতো এনে বহুজনক লগ পাইছিলোঁ যি গাঁৱৰ বুলি নিজকে চিনাকি দিবলৈ অলপ হীনমন্যতাবোধ কৰে। এই হীনমন্যতাবোধৰ অৰ্থ আজিও নুবুজিলো কিন্তু! গাঁৱ ৰ পৰিৱেশত আমি শৈশৱ আৰু কৈশোৰৰ সোনালী সময়ছোৱা পাৰ কৰিছোঁ। পঢ়া-শুনাৰ ক্ষেত্ৰত এখন কটকটীয়া ৰুটিন সদায় মানি চলিব লগা হৈছিল যদিও আবেলি সুযোগ পালেই লগৰীয়াৰ সৈতে চেং-গুটি, কাবাডি খেলা, ঘৰৰ কাষতে থকা জানটোত বৰশীৰে মাছ ধৰা, বাৰীত আমলখি-বগৰী-শিলিখা বিছাৰি পিটপিটাই ঘূৰি ফুৰা আদি নানান ধৰণৰ অভিজ্ঞতা লাভ কৰিছিলোঁ। ঘৰৰ কিছু নিলগতে আছিল গাঁৱৰ নামঘৰ।

নাম- প্ৰসংগৰ সুৰ আমাৰ চিনাকি আছিল। গাৱঁ ৰ বছেৰেকীয়া ভাওনাখন ৰাইজে দানবৰঙনি তুলি ৰাইজৰ শ্ৰমেৰে উলহমালহকৈ পাতিছিল। সামাজিক কাম-কাজত একতাৰ কিমান গুৰুত্ব আছে তেতিয়াই বুজিছিলোঁ আৰু দেখিছিলোঁ। দূৰদৰ্শনৰ শক্তিমান, বিষ্ণু পুৰাণ, জুনিয়ৰ জি আদি নিৰ্দিষ্ট সময়ত উপভোগ কৰাৰ লগতে অকনিৰ অগ্ৰদূত, টিংকল, সঁফুৰা আদিৰ নিয়মীয়া পঢ়ূৱৈ আছিলোঁ। আখৰৰ জোঁটনি শিকাৰ পাছত দৈনিক বাতৰি কাকতৰ মূখ্য বাতৰি সমূহ ককাৰ আগত পঢ়ি শুনাইছিলোঁ। ভুল হ’লে বা কিবা শব্দৰ অৰ্থ বুজি নাপালে দেউতা বা খুড়াহঁতে শুধৰাই দিছিল। দেশ-বিদেশৰ দৈনন্দিন খবৰৰ প্ৰতি সদা সচেতন হৈ থকা এই অভ্যাসে পিছলৈ কুইজৰ প্ৰতি আকৰ্ষিত কৰাত সহায় কৰিছিল। এতিয়া অধিকাংশ শিশুৱে (গাওঁ বা চহৰাঞ্চলৰে হ‌‌‌‌ওঁক) নজনা কিবা এটা জানিবলৈ কিতাপৰ সলনি মাক-দেউতাকৰ স্মাৰ্ট ফোন উলিয়াই লয়। হয়তো এয়া সময় আৰু তথ্য-প্ৰযুক্তিৰ বিকাশৰ বাবে হোৱা পৰিৱৰ্তন, কিন্তু এই যে কিতাপ পঢ়াৰ অভ্যাসটো লাহে লাহে কমি আহিছে, তাৰ প্ৰতিকাৰ আমি কেনেদৰে কৰিম সেয়া আচল কথা। গাঁৱৰ প্ৰাথমিক বিদ্যালয় খনতে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ। পিছৰ সময়ছোৱাত কটন কলেজ, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈকে উচ্চ শিক্ষাৰ সময়ছোৱাত আমি অসমীয়া মাধ্যমত গাঁৱৰ বিদ্যালয় এখনত পঢ়ি আহিছোঁ ধৰনৰ হীনমন্যতাবোধ বা গাঁৱ ৰ মানুহ বুলি নিজকে চিনাকি দিবলৈ কোনোদিনে লাজ কৰা নাই। বৰঞ্চ নগৰত প্ৰতিপালিত বহুজনতকৈ আমাৰ শৈশৱ কালছোৱা ৰঙীন আৰু অভিজ্ঞতাৰে পুষ্ট আছিল বুলি মনত গৰ্বহে হয়।

(Also read: প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু ইতিবাচক খবৰবোৰ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top